Spiritual

মহাদেৱ আপোনাৰ ওপৰত সুখী হলে দেখা দিয়ে এনেবোৰ সপোন, জানক কি কয় স্বপ্ন শাস্ত্ৰই

Swapna Shastra: ভগৱান শিৱক, দেৱতাৰ দেৱতা বুলি কোৱা হয়। দেৱতা হওক বা অসুৰ, সকলোৱে পূজা কৰে। কোৱা হয় যে ভগৱান ভোলেনাথ যেতিয়া নিজৰ ভক্তসকলৰ ওপৰত সন্তুষ্ট হয় তেতিয়া তেওঁলোকৰ সকলো কামনা পূৰণ কৰে। বহু সময়ত মহাদেৱে ভক্তসকলক ভৱিষ্যতৰ ঘটনাৰ বিষয়েও সতৰ্ক কৰি দিয়ে, যিবোৰৰ বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আজি আমি আপোনালোকক ক’ম, যে যদি ভগৱান শিৱ আপোনাৰ লগত সুখী, তেন্তে আপোনাৰ সপোনত দেখা কি কি বস্তুৰ জৰিয়তে তেওঁ আপোনাক এটা সংকেত দিয়ে। আহকচোন, এই বিষয়ে সপোনৰ শাস্ত্ৰই কি কৈছে জানো।

সপোনত দম্বৰু দেখা

যদি আপুনি সপোনত ভগৱান শিৱৰ দম্বৰু দেখিছে, তেন্তে সেয়া এক শুভ সপোন। এই সপোনৰ অৰ্থ হ’ল আপোনাৰ জীৱনত ইতিবাচকতাৰ প্ৰবাহ। কৰ্মক্ষেত্ৰতো সুবিধা থাকিব পাৰে।

সপোনত সাপ দেখা

সপোনত যদি সাপ দেখা যায় তেন্তে তাৰ অৰ্থ হ’ল আপোনাৰ সকলো সমস্যা শেষ হ’বলৈ ওলাইছে।আাপোনাৰ পূৰ্বপুৰুষসকলো আপোনাৰ লগত সুখী। কিন্তু এনে সপোন কেতিয়াও আন কোনো ব্যক্তিক কোৱা উচিত নহয়, কাৰণ ইয়াৰ দ্বাৰা সপোনৰ শুভ প্ৰভাৱ কমি যায়।

সপোনত ত্ৰিশূল দেখা

স্বপ্ন বিজ্ঞানৰ মতে সপোনত যদি ত্ৰিশূল দেখা যায় তেন্তে সেয়া এক শুভ সংকেত। এই সপোনৰ অৰ্থ হ’ল ভগৱান শিৱ আপোনাৰ ওপৰত অতি সন্তুষ্ট। এনে পৰিস্থিতিত আপুনি ভগৱান শিৱৰ পূজা আৰম্ভ কৰিব লাগে।

নন্দীৰ ওপৰত আৰোহণ কৰা ভগৱান শিৱ

স্বপ্ন বিজ্ঞানৰ মতে যদি সপোনত ভগৱান শিৱক নন্দীৰ ওপৰত উঠি থকা দেখিছে, তেন্তে আপুনি সুখী হোৱা উচিত, কাৰণ এই সপোনক শুভ বুলি গণ্য কৰা হয়। এই সপোনৰ অৰ্থ হ’ল আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ’ব।

Advertisement

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button