দৈনিক পিঁয়াজ খালে শৰীৰত কি প্ৰভাৱ জানেনে? জানি লওক ইয়াৰ সবিশেষ।

তেজৰ চেনি নিয়ন্ত্ৰণত থাকে

হেল্থলাইনৰ মতে, দৈনিক পিয়াঁজ সেৱন কৰিলে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে বুলি বহু গৱেষণাত প্ৰমাণিত হৈছে। বহু গৱেষণাত প্ৰমাণিত হৈছে যে টাইপ-২ ডায়েবেটিছ ৰোগীয়ে যদি ১০০ গ্ৰাম পিঁয়াজ সেৱন কৰে তেন্তে তেওঁ শৰীৰক সহজে হাইড্ৰেট কৰিব পাৰে আৰু তেজৰ চেনিও স্বাভাৱিক কৰিব পাৰে। কেঁচা পিঁয়াজে টাইপ ১ আৰু ২ ডায়েবেটিছ দুয়োটাকে নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে।

হাড়বোৰ সুস্থ

বিশেষকৈ ৰজোনিবৃত্তিৰ পিছত মহিলাৰ ক্ষেত্ৰত অষ্টিঅ’পৰ’ছিছ এক সাধাৰণ স্বাস্থ্যজনিত সমস্যা। জীৱ-জন্তুৰ ওপৰত কৰা গৱেষণাৰ মতে যদি পিয়াঁজ দৈনিক খোৱা হয় তেন্তে হাড়বোৰ মজবুত হৈ থাকে। ইয়াক সেৱন কৰিলে হাড়ৰ ভৰ বৃদ্ধি পায়।

কেন্সাৰ হোৱাৰ সম্ভাৱনা কম

কৰ্কট ৰোগ বিশ্বৰ ভিতৰতে মৃত্যুৰ অন্যতম প্ৰধান কাৰণ। বহু গৱেষণাত প্ৰমাণিত হৈছে যে অত্যধিক পিঁয়াজ সেৱনে পেট, স্তন আৰু প্ৰষ্টেট কেন্সাৰৰ দৰে বহু ধৰণৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে।

অন্ত্ৰৰ স্বাস্থ্য সুস্থ হৈ থাকে

পিঁয়াজে প্ৰ’বায়’টিক খাদ্যৰ দৰে শৰীৰত প্ৰভাৱ পেলায়। ইয়াক সেৱন কৰিলে হজম শক্তি সুস্থ হৈ থাকে আৰু অন্ত্ৰৰ স্বাস্থ্য সুস্থ হৈ থাকে। পিঁয়াজত ইনচুলিন ফাইবাৰ থাকে যিয়ে আমাৰ অন্ত্ৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰে।

বয়স বৃদ্ধি নিয়ন্ত্ৰিত হয়

পিঁয়াজৰ বয়স বৃদ্ধি প্ৰতিৰোধী গুণো আছে যিয়ে বয়স বৃদ্ধি ৰোধ কৰে। যদি আপুনি দীৰ্ঘদিনলৈ ডেকা আৰু ধুনীয়া হৈ থাকিব বিচাৰে তেন্তে নিশ্চিতভাৱে দৈনিক ১০০ গ্ৰাম পিঁয়াজ সেৱন কৰক।

Leave a Comment