এই আঁচনিৰ জৰিয়তে মাত্ৰ ২১০ টকাত পাব ৫ হাজাৰ টকাৰ পেঞ্চন, বৃদ্ধ বয়সক দিয়ক আৰ্থিক নিৰাপত্তা

যদি আপুনি অৱসৰৰ পিছত প্ৰতিমাহে কিছু টকা পাই থাকিব বিচাৰে তেন্তে অটল পেঞ্চন যোজনা আপোনাৰ বাবে উপযুক্ত বিকল্প। অটল পেঞ্চন যোজনাৰ অধীনত ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিমাহে ১০০০ৰ পৰা ৫০০০ টকা পেঞ্চন পোৱা যায়। এই আঁচনিখনত প্ৰতিমাহে ২১০ টকা জমা কৰি ৫ হাজাৰ টকাৰ পেঞ্চনৰ ব্যৱস্থা কৰিব পাৰি। এই আঁচনিৰ জৰিয়তে আপুনি আপোনাৰ বৃদ্ধ বয়সক সুৰক্ষিত কৰিব পাৰিব।

২০ বছৰৰ বাবে কৰিব লাগিব বিনিয়োগ

অটল পেঞ্চন যোজনাৰ অধীনত ৬০ বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিমাহে পেঞ্চন দিয়া হয়। ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰৰ এজন ব্যক্তিয়ে ইয়াত বিনিয়োগ কৰিব পাৰে। এজনে কমেও ২০ বছৰ এই আঁচনিখনত বিনিয়োগ কৰিব লাগিব।

পেঞ্চন অনুসৰি বিনিয়োগৰ পৰিমাণ

অটল পেঞ্চন যোজনাত বিনিয়োগ কৰাৰ বাবে আপোনাৰ ধন কিমান কৰ্তন কৰা হ’ব? কিমান পেঞ্চন বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। ১০০০ টকাৰ পৰা ৫০০০ টকাৰ পেঞ্চনৰ বাবে মাহে ৪২ৰ পৰা ২১০ টকা দিব লাগিব। ১৮ বছৰ বয়সত বিনিয়োগ কৰিলে এনে হ’ব। যদি কোনোবাই ৪০ বছৰ বয়সত এই আঁচনিখন লয় তেন্তে তেওঁ প্ৰতিমাহে ২৯১ টকাৰ পৰা ১৪৫৪ টকালৈকে বৰঙণি দিব লাগিব। এই আঁচনিখনত আপুনি মাহেকীয়া, ত্ৰিমাসিক বা ৬ মাহৰ বাবে বিনিয়োগ কৰিব পাৰে। নিৰ্দিষ্ট ধনৰাশি আপোনাৰ একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰি পেঞ্চন একাউণ্টত জমা কৰা হ’ব।

মৃত্যুৰ পিছত পত্নীয়ে পাব পেঞ্চন

বিনিয়োগকাৰীৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে পেঞ্চনৰ সুবিধা লাভ কৰে। দুয়োৰে মৃত্যুৰ পিছত ৬০ বছৰ বয়সলৈকে জমা কৰা ধন মনোনীত ব্যক্তিক ঘূৰাই দিয়া হয়। আনহাতে, যদি ৬০ বছৰ বয়সৰ আগতেই গ্ৰাহকৰ মৃত্যু হয়, তেন্তে তেওঁৰ সংগীয়ে পেঞ্চনত বৰঙণি আগবঢ়াই থাকিব পাৰে। একে সময়তে ইচ্ছা কৰিলেও অটল পেঞ্চন যোজনাৰ একাউণ্টত জমা হোৱা সমগ্ৰ ধন উলিয়াব পাৰে।

অটল পেঞ্চন যোজনা অনলাইনত লোৱাৰ প্ৰক্ৰিয়া

Step 1- প্ৰথমে আপুনি ষ্টেট বেংক অৱ ইণ্ডিয়াৰ নেট বেংকিঙত লগইন কৰিব লাগিব।

Step 2- e-Services লিংকত ক্লিক কৰক।

Step 3- Social Security Scheme নামৰ লিংকটোত টেপ কৰক।

Step 4- এতিয়া আপুনি APY ত ক্লিক কৰিব লাগিব।

Step 5- তাৰ পিছত একাউণ্ট নম্বৰ, নাম, বয়সৰ দৰে তথ্য পূৰণ কৰিব লাগিব।

Step 6- ইয়াৰ পিছত আপুনি বিচৰা পেঞ্চনৰ পৰিমাণ বাছি ল’ব লাগিব।

Step 7- ইয়াৰ পিছত আপোনাৰ বয়সৰ ভিত্তিত অৱদানৰ সিদ্ধান্ত লোৱা হব।

যিকোনো বেংকলৈ গৈও একাউণ্ট খুলিব পাৰিব। ইয়াৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে অটল পেঞ্চন যোজনাৰ প্ৰ-পত্ৰ পূৰণ কৰি বেংক শাখাত জমা দিব লাগিব।

এই লেখাটোৰ বিষয়ে আপোনাৰ মতামত কমেণ্ট কৰি জনাওক। লগতে, যদি আপুনি এই লেখাটো ভাল পাইছে তেন্তে ইয়াক শ্বেয়াৰ কৰক আৰু আন অনুৰূপ লেখা পঢ়িবলৈ NewsLiner Assam ফেচবুক পেজটো LIke আৰু Follow কৰি আমাৰ সৈতে সংযুক্ত হৈ থাকক।

Leave a Comment